ছলচিত্ৰ মহোৎসৱ আৰু প্ৰথম প্ৰযোজিকা হোৱাৰ অভিজ্ঞতা! (খণ্ড ৩ - অন্তিম খণ্ড)


যোৱা তিনি ডিচেম্বৰৰ পৰা পাঁচ ডিচেম্বৰলৈ হৈ যোৱা উত্তৰাখণ্ডৰ কোটিক ছলচিত্ৰ মহোৎসৱত অংশগ্ৰহন কৰি বহু উঠি অহা প্ৰজন্মক লগ পালো। মই সদায় আশাবাদী। যুৱপ্ৰজন্মৰ যোগাত্মক আৰু সাকাৰাত্মক ধাৰনাত মুহিত হ’লো।


লগ পাইছিলো উত্তৰ প্ৰদেশৰ পৰা অহা জীৱনৰ মাত্ৰ ২২ টা বষন্তেৰে অভীজ্ঞ পৰিচালক উৎকৰ্ষ চৰ্তুৱেদীক। আহ, কি সকাৰাত্মক চিন্তাধাৰা! উৎকৰ্ষৰ ঘৰখনেই সম্পূৰ্ণ সাংস্কৃতিক পৰিবেশৰ। কিন্তু তদ্যপি তেওঁ কাৰো সহায় নোলোৱাকৈ নিজৰ আয়েৰে এখন ছবি বনাবলৈ স্থিৰ কৰিছিল। হাতত নাছিল মূলধন, নাছিল সমল! নিজৰ ইনষ্টাগ্ৰামৰ তেওঁৰ ফটোগ্ৰাফীৰ ফল’ৱাৰক আহ্বান জনালে এক অদ্ভূদ আপিলেৰে! “এখনি কথাছবিৰ প্ৰকল্গ আছে মোৰ হাতত। কিন্তু আপোনালোকক দিবলৈ মোৰ টকা নাই। যদি আপোনাকে মোক বিশ্বাসত লব পাৰে, তেন্তে আমি সকলোৱে একেলগে উন্নতি কৰিম। নহলে একেলগে আমাৰ প্ৰতিভাৰ উদয় হোৱাৰ আগতেই অস্ত যাব!” কি সাংঘাটিক মনোবল! বয়স মাথোন ২২ বছৰ! বৰ্তমান তেওঁৰ ছবিৰ পোষ্ট প্ৰডাক্মনৰ কাম চলি আছে। যোজনা দিল্লীত প্ৰৰ্দশন (screening) কৰাৰ। মোক কৈছিল “ মেম আপোনালৈ নিমন্ত্ৰন পঠাম। আহিব দেই!” তেওঁ কাহিনীয়ে মোক এনেই আপ্লুত কৰিছিল। মই নিশ্চয় চেষ্টা কৰিম ছবিখন চাবলৈ।



লগ পাইছিলো মহাৰাষ্ট্ৰৰ যুৱ পৰিচালকক (নামটো পাহৰিলো!) । তেওঁৰ ছবি “চাইদ মিৰৰ” কোনেও ভাবিব নোৱাৰা এটা বিষয়ত যথেষ্ঠ কম খৰচত বহুত কঠিন কেমেৰাৰ কমেৰে তৈয়াৰী। কোনো প্ৰযোজক নোপোৱাত তেওঁৰ ভাতৃ আগবাঢ়ি আহিছিল প্ৰযোজক হৈ। সম্পূৰ্ন ছবিখনৰ কেমেৰা কাম, এখন ছলন্ত অট’ৰিক্সাৰ ফ্ৰেমত আৱদ্ধ, যথেষ্ঠ শলাগনীয়!


লগ পাইছিলো উত্তৰাখণ্ডৰে যুৱ পৰিচালক ৰাহুল ৰাৱটক। অমায়িক গাড়োৱালৰ যুৱক। তেওঁৰ ছবি আছিল “চোনপট”। এটা গভীৰ বিষয়ক দুটা শিশুৰ বন্ধুত্বৰে আগবঢ়াই কাহানীক লৈ গৈছিল।


লগ পাইছিলো যুৱ প্ৰযোজক অমন সিঙক যিয়ে উৎকৰ্ষ চৰ্তুৱদীৰ ছবিৰ প্ৰযোজকৰ কাম কৰিছে। তেওঁ পেচাগতভাৱে চেল্চ আৰু মাৰ্কেটিঙৰ হয়। লগ পাইছিলো দিল্লীৰ জাট যুৱক মনিত কাটাৰীয়াক এজন প্ৰযোজক হিচাপে আৰু যুৱ উদ্যোগী হিচাপে। মই অমন আৰু মনিতৰ লগত মুকলিমূৰীয়াকৈ কথা পাতিব পাৰিছিলো আমাৰ চিন্তাধাৰনাৰ মিলৰ বাবে। স্থানীয় ছলচিত্ৰক কেনেকৈ সফল উদ্যোগ বনাব পাৰি তাকে লৈ হৈছিল আমাৰ আলোচনা। স্থানীয় ছলচিত্ৰ উদ্যোগ কেৱল অসমতে নহয়, কম বেছি পৰিমানে সকলো ভাষাতে শোঁচনীয় অৱস্থা!



লগ পাইছিলো দিল্লী বিশ্ববিদ্যালয়ৰ ওড়ীয়া স্নাতক ছাত্ৰ শক্তি দাচক। এজন ভাৱী ছলচিত্ৰ নিৰ্মাতা। তেওঁ বহু গভীৰভাৱে ছলচিত্ৰক পয্যবেক্ষণ কৰি আছে এজন সফল নিৰ্মতা হ’বলৈ। উফ্ কিযে আত্মনিয়োগ! হাতত মাত্ৰ মহোৎসৱৰ সূঁচীখন লৈ তিনিও দিনে সম্পৰ্ন ছবিবোৰ চাইছিল! ধৈয্য অপৰিসীম! আমাৰ অসমৰ ভাৱী ছলচিত্ৰ নিৰ্মাতাসকলে শক্তিৰ পৰা বহু কথা শিকিব পাৰে। মইও শিকিছিলো। “মন পখিলা”ৰ প্ৰৰ্দশনীৰ পাছদিনা শক্তি আৰু মই আমাৰ তথ্যচিত্ৰৰ বিষয়ে কথা পাতিছিলো। লগ পাইছিলো ঝাৰখণ্ডৰ সুমীতক। অসমৰ অনুপম- অৰ্নৱহতক। ৰাজস্থানৰ বহুপ্ৰতিভাৰ অধিকাৰী এজন যুৱ প্ৰজন্মক। ৬ ডিচেম্বৰত মই উভতনি পথত ভাৱিলো “যদি মই সময় আৰু অৰ্থৰ অজুহাতত এই মহোৎসৱলৈ নোযোৱাকৈ থাকিলো হয়, হয়তু এই আপুৰোগীয়া অভিজ্ঞতাক লবলৈ আৰূ বহু অপেক্ষা কৰিব লগা হ’লহেতেন! "

ঈশ্বৰক ধন্যবাদ জনালো মনেমনে!



।।সমাপ্ত।।

75 views