ছলচিত্ৰ মহোৎসৱ আৰু প্ৰথম প্ৰযোজিকা হোৱাৰ অভিজ্ঞতা!(খণ্ড ২)


উত্তৰাখণ্ডৰ কোটিক আন্তঃৰাষ্ট্ৰীয় ছলচিত্ৰ মহোৎসৱৰ আয়োজকলৈ মোৰ আন্তৰিক ধন্যবাদ যেআমাৰ তথ্যচিত্ৰ “মন পখিলা, dream of a woman”ৰ প্ৰদৰ্শন তেওঁলোকে দ্বিতীয় দিনাৰ মূলপ্ৰদৰ্শনীতে সমাপন কৰিছিল। জীৱনত প্ৰথমবাৰৰ বাবে প্ৰযোজিকা হৈ বহু মূল্যবান অভিজ্ঞতা আৰ্জন কৰিছো। এতিয়াওঁ বহুত নতুন অভিজ্ঞতা প্ৰতিদিনে আহৰন কৰি আছোঁ। এই অভিজ্ঞতা অদ্ভূত, অকল্পনীয় আৰু স্বপ্নৰো অতীত! প্ৰথমবাৰৰ বাৰে শিহঁৰিতহৈ পৰিছিলো যেতিয়া তথ্যছিত্ৰৰ অন্তত হাতচাপৰি শুনিছিলো! আন্ধাৰ পেক্ষাগৃহটো উজলি উঠিছিল মোক আৰু নিৰ্দেশিকা প্ৰিয়াংকাক অভিবাদন জনাবলৈ। মোৰ স্বৰাস্বৰিত স্বভাৱেৰে দুইহাত জোৰ কৰি ধন্যবাদ জনাইছিলো সকলোকে। এক বুজাব নোৱাৰা অনুভৱ!



আমাৰ ছৱিৰ প্ৰৰ্দশনৰ পাছতে আছিল দুপৰীয়াৰ আহাৰ। মোৰ সৈতে চিনাকি হৈছিলহি এজন এজনকৈ FTII ৰ নবাগতসকল। লগতে চিনাকি হৈছিলো দুগৰাকী নৱাগত যুৱ প্ৰযোজকৰ সৈতে। সকলোৱে “মন পখিলা,dream of a woman”ৰপ্ৰচেষ্টাক শলাগিলে।মোৰ উদেশ্যৰ ৫০% যেন তেতিয়াই সফল হৈছিল! কিন্ত মোৰ দ্বায়িত্ব পূৰন হব যেতিয়া মোৰ জন্মভূমিৰ দৰ্শকে তথ্যচিত্ৰখনক আকোঁৱালি লব। চিনাকি হৈছিল কেইগৰাকীমান ছৱিৰ সমালোকেও। এইখিনিতে উৎসৱৰ মূল আয়োজিকা শালিনী শাহে মোক এটা গুৰুত্বপূৰ্ন অভিমত দিছিল । মই ভৱিষ্যতে নিশ্চয় ভাৱিম কথাটো। এটা অনুভৱ শিকিছিলো কথাছৱি প্ৰকল্পত প্ৰযোজক আৰু নিৰ্দেশকৰ ভূমিকা ঠিক এটা শিশুৰ পিতৃ-মাতৃৰ দৰেই। ছবিখনক দৰ্শকৰ কাষলৈ নি সফল কৰিবলৈ দুয়ো সমানেই দ্বায়বদ্ধ!


ইয়াৰ পাছৰ সময়ত মই প্ৰযোজিকা হিচাপে বিভীন্নজনৰ লগত মত বিনিময় কৰিছিলো অন্তিম দিনলৈকে। আমাৰ ছবিজগতত চিৰিয়াচ প্ৰযোজকৰ অভাৱ। মোৰ উদ্যমিকাৰ ধনৰ ভৰাঁলো তনকিয়াল নহয়। তথাপি সৎসাহস কৰি কাম আৰাম্ভ কৰিছিলো। যিসকলে এতিয়াও ভাৱি আছে কেনেকৈ প্ৰযোজক হব পাৰি, মাত্ৰ সাহস কৰক এটা পদক্ষেপেৰে আগবাঢ়িবলৈ। অৱশ্যে প্ৰযোজকৰ ধৈৰ্য্যশক্তিৰ বহু প্ৰয়োজন। এটা প্ৰকল্পৰপৰা মূলধন ওলোৱাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই। যদি প্ৰকল্পটো ভাল হয় তেন্তে দুবছৰৰ পৰা তিনিবছৰত মূলটো আহিব পাৰে। মোৰ আত্মবিশ্মাসৰ শিপাদাল উৎসাহেৰে মজবুত কৰি দিছিল গুৱাহাটীৰ CBFC বৰ্ডৰ শ্ৰীযুত ৰাজীৱলোচন বৰঠাকুৰচাৰে । লগতে উৎসাহ দিছিল অসম ছলচিত্ৰ নিগমৰ শ্ৰীমতী মনিদ্বীপা বৰকটকীবাইদেৱে। মই এতিয়া আত্মবিশ্বাসেৰে আগবাঢ়িছো। কোৱিডকালৰ সীমিতকৰনৰ মাজতে সৌভাগ্য হ’লএখন ছলচিত্ৰ মহোৎসৱৰতঅভিজ্ঞতা লোৱাৰ! যাত্ৰাৰ আৰাম্ভনিতে ইমানদূৰলৈ সপোন দেখা নাছিলো।



ক্ৰমশঃ

156 views