ছলচিত্ৰ মহোৎসৱ আৰু প্ৰথম প্ৰযোজিকা হোৱাৰ অভিজ্ঞতা! (খণ্ড ১)



প্ৰাৰাম্ভৰিক উদ্যমিকাত যথেষ্ঠ মনোযোগ দিব লগা হোৱাৰ বাবে বহুসময়ত সময় মোৰ বাবে বৰ মূল্যবান হৈ পৰে! তেনেতে হঠাৎ নিমন্ত্ৰণ আহিছিল আমাৰ তথ্যছিত্ৰৰ দলটোলৈ উত্তৰাখণ্ডৰ পৰা। কোটীক আন্তঃৰাষ্ট্ৰীয় ছলচিত্ৰত মন পখিলা,dream of a woman তথ্যছিত্ৰখন প্ৰদৰ্শিত হব!



প্ৰথম প্ৰযোজিকা হিচাপে নিশ্চয়েই ৰোমাঞ্চকৰ বিষয়। অভিজ্ঞতা লবলৈ যেন এটা নতুন যাত্ৰা! কিন্তু মোৰ সময়ৰ লগতে ধনৰো আয়োজনৰ প্ৰয়োজন নিত্যান্তই আৱশ্যকীয় আছিল। ঈশ্বৰে মোৰ দুৱাৰবোৰ যেন খুলি দিলে! হঠাৎ মোৰ লোন এটা আহিল আৰু মই উত্তৰাখণ্ডলৈ বুলি যাত্ৰা আৰাম্ভ কৰিলোঁ। লগত মোৰ ছৱিৰ নিৰ্দেশিকা প্ৰিয়াংকা চহৰীয়া। অসমৰ বুলি চিন লৈ গৈছিলো আমাৰ বাপতি সাহোন জাপি আৰু ফুলাম গামোছা।



যোৱা ৩ ডিচেম্বৰ, ২০২১ত পূৱা উত্তৰাখণ্ডৰ পাদভূমি মাৰছুলা পালোগৈ পুৰনি দিল্লীৰ পৰা ওৰে ৰাতি ৰামনগৰলৈ ৰেইল যাত্ৰাৰে আৰু মাৰছুলালৈ গাড়ীৰে। পৰ্বতীয়া একাঁ-বেকাঁ পথ। ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে মই সপোনতো নভৱা কিছু আপুৰুগীয়া অভীজ্ঞতা সামৰি লৈ যেতিয়া ৬ ডিচেম্বৰ পূৱা মাৰছুলা এৰিছিলো মই যেন চহকী হৈ পৰিছিলো!


ছলচিত্ৰ জগতৰ বহু সৰু সৰু গুৰুত্বপূৰ্ণ কথা শিকিলো। FTI, Pune ৰ কিছু অভীজ্ঞ আৰু ন-শিকাৰুক পালো। অসমক প্ৰতিনিধিত্ব কৰি নিজকে ধন্য মানিছিলো যেতিয়া মহোৎসৱৰ উন্মোচনী বোলছবি “চেমখৰ” ৰূপালী পৰ্দাত প্ৰদৰ্শিত হৈছিল। লগ পাইছিলো বংগৰ পৰিচালক শ্ৰী ৰঞ্জন ঘোষক। তেখেতৰ কথাছবি "আহা ৰে" চাই মুগ্ধ হ’লো! ৠতুপৰ্ণা অভিনীত আৰু প্ৰযোজিত ছবিখন দুবছৰ আগৰ যদিও জীৱন দৰ্শনেৰে আজিও সময়োপযোগী।অৱশ্যে ছবিৰ নায়কৰ মূলক লৈ এতিয়া হয়তু অলপ সমস্যা হব। উদ্বেগীসকলে ছবিখন চাব পাৰে। লগ পাইছিলো মুম্বাইৰ শ্ৰী প্ৰশান্ত নাইকক তেখেতৰ পৰিয়ালৰ সৈতে। FTI, Pune ৰ প্ৰাক্তন ছাত্ৰ শ্ৰী নাইক চাৰ এগৰাকী প্ৰসিদ্ধ ছলচিত্ৰ সম্পাদক।এই মহোৎসৱতে লগ পালো অসমৰ জ্যোতি চিত্ৰবনৰ সাধাৰন সম্পাদিকা তথা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ছলচিত্ৰ মহোৎসৱৰ প্ৰতিষ্ঠাপিকা শ্ৰীমতি মনিতা বৰগোহাঞিঁ বাইদেউক। লগতে আছিল দীপশিখা ভাগৱতীক। আৰু লগ পালো অসমৰ ডেকা দল অনুপম পুজাৰী আৰু অৰ্নৱ নাথক তেওঁলোকৰ ছুটি ছবি “আৰাওঁ”ৰ দল হিচাবে।



ক্ৰমশঃ 

159 views